বিশ্বৰ যিকোনো সংগঠনক পৰিস্থিতিৰ সৈতে খাপ খোৱাই আগ বঢ়াই লৈ যাবৰ বাবে ইয়াৰ সংস্কাৰ তথা পুনঃগঠন কৰাৰ প্ৰয়োজন আহি পৰে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহয়।১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল অৰ্থাৎ ৭৫ বছৰ আগতেই জন্ম লাভ কৰিছে।গতিকে মাজে-সময়ে ইয়াৰ সংস্কাৰ তথা পুনঃগঠনৰ বাবে দাবী উত্থাপন হৈ আহিছে।ৰাষ্ট্ৰসংঘৰ সংস্কাৰ তথা পুনঃগঠনৰ বাবে উত্থাপন হোৱা দাবীত যদিও বেছিভাগ ৰাষ্ট্ৰই একমত হৈছে কিন্তু সংস্কাৰৰ প্ৰকৃতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত মতৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়।ৰাষ্ট্ৰসংঘক দুইধৰণৰ সংস্কাৰ কৰাৰ প্ৰয়োজন হৈছে-
(ক)সাংগঠনিক দিশ আৰু প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সংস্কাৰ
(খ)ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰৰ পৰা বিষয়সমূহৰ সংস্কাৰ।
কিন্তু এই সংস্কাৰ দুটা কেতিয়া আৰু কেনেকৈ কৰা হ’ব সেই বিষয়ত সদস্যসকল অকমত নহয়।ৰাষ্ট্ৰসংঘৰ সাংগঠনিক দিশ আৰু প্ৰক্ৰিয়া সংস্কাৰ কৰাৰ প্ৰশ্ন অহাৰ লগে-লগে নিৰাপত্তা পৰিষদৰ কথা জড়িত হৈ পৰে।ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰি আহিছে।
বিশেষকৈ নিৰাপত্তা পৰিষদত যিহেতুকে এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰা উচিত প্ৰতিনিধি নিৰাপত্তা পৰিষদত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে।ইয়াৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ বাজেট প্ৰক্ৰিয়া আৰু প্ৰশাসনিক বিষয়ৰ ক্ষেত্ৰখন সম্প্ৰসাৰণ হোৱাটো বিচাৰে।
দ্বিতীয়তে, কেতবোৰ ৰাষ্ট্ৰ তথা বিশেষজ্ঞসকলৰ মতে ৰাষ্ট্ৰসংঘৰ কাৰ্যক্ষেত্ৰখন সম্প্ৰসাৰণ তথা অধিক কাৰ্যক্ষম হ’ব লাগে।তেওলোকে মত পোষণ কৰে যে ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা প্ৰয়োজন। আনহাতে আন কিছুমান ৰাষ্ট্ৰৰ মতে উন্নয়ন আৰু মানৱীয় কাৰ্য যেনে স্বাস্থ্য, শিক্ষা, পাৰিপাৰ্শ্বিকতা নিয়ন্ত্ৰণ, জনসংখ্যা নিয়ন্ত্ৰণ, মানৱ অধিকাৰ ৰক্ষা, লিংগ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা –এইবোৰ বিষয়ৰ ভিতৰতে ৰাষ্ট্ৰসংঘৰ কাৰ্য সীমিত হ’ব লাগে।