যোগেশ দাস ৰচিত ‘আমাৰ ছাৰ’ নামৰ গল্পটিৰ প্ৰধান চৰিত্ৰ ‘আমাৰ ছাৰ’ৰ প্ৰকৃত নাম ধৰণীধৰ বৰুৱা। গল্পটিত তেওঁক এজন আদর্শ শিক্ষক হিচাপে, আদর্শ সামাজিক ব্যক্তি হিচাপে গল্পকাৰে উপস্থাপন কৰিছে। আচল নামটো ছাৰৰ ব্যৱহাৰ নহয়েই। সেই অঞ্চলৰ প্রায় সকলোখিনি শিক্ষিত লোকৰে ছাৰ কাৰণে সকলোৱে ‘আমাৰ ছাৰ’ বুলিয়েই কয় আৰু যিকোনো লোকে ‘আমাৰ ছাৰ’ বুলি ক’লে তেওঁকেই বুজিছিল। সেয়েহে তেওঁ হৈ পৰিছিল ‘সাৰ্বজনীন ছাৰ’।
‘আমাৰ ছাৰ’ বৰ খঙাল মাষ্টৰ আছিল। ডেকা বয়সত এছিষ্টেণ্ট হেডমাষ্টাৰ হৈ থাকোতেই তেওঁ ডিচিপ্লিন ৰক্ষা কৰিবৰ কাৰণে বিদ্যালয়ত অনেক নিয়ম উলিয়াইছিল। ইয়াৰ ব্যতিক্ৰম হ’লেই কঠোৰ শাস্তি দিছিল। এইক্ষেত্ৰত তেওঁ হেডমাষ্টাৰৰো হাক-বচন প্রায়ে নুশুনিছিল। তেওঁ হেডমাষ্টাৰ হোৱাৰ পিছত বিদ্যালয়খনৰ কাৰণে আতংকস্বৰূপ হৈ পৰিছিল। তেওঁৰ ভয়ত কোনো লৰাই বাৰাণ্ডাত থিয় দি থাকিব নোৱাৰিছিল। ছাত্র বা শিক্ষক পলমকৈ আহিলে বিদ্যালয়ত সোমাব নোৱাৰিছিল। ফাইনেল বেল পৰাৰ লগে লগে ছুটীৰ ঘণ্টা নপৰালৈকে চকীদাৰৰ হতুৱাই প্ৰকাণ্ড তলাটো গেটত লগাই থয়। ছাত্রই মলিয়ন কাপোৰ পিন্ধি আহিলে, কাৰোবাৰ গাত চিঞাহী পেলালে, হোমৱৰ্ক কৰি নিনিলে, লগৰ ল’ৰাৰ লগত কাজিয়া কৰিলে পৰীক্ষাত চুৰ কৰিলে, অফিচলৈ মতাই নি একোজনলৈ বেতৰ কোব দিছিল।
এহাতে কঠোৰ আছিল যদিও আনহাতে মৰমীয়াল হোৱাৰ বাবে শিক্ষক ছাত্ৰসকলে তেওঁক বেয়া পোৱা নাছিল। কোনোবা অভিভাৱকেই শিক্ষকজনৰ তেনে কামবোৰত এবাৰলৈকো আপত্তি কৰা নাছিল। পঢ়িব নোৱাৰিলে গালি পাৰিছিল বা কাণ চেপা দিছিল যদিওঁ তেওঁ কিন্তু ছাত্ৰসকলক মৰম আৰু সহানুভূতিৰে ছাত্ৰসকলে নোৱাৰা কথাবোৰ বাৰে বাৰে বুজাই দিবলৈ কেতিয়াও বেয়া নাপাইছিল। আনকি ছাত্ৰসকলক প্রায়ে দেওবাৰে তেওঁৰ ঘৰলৈ মাতি নি অংক আৰু ইংৰাজী শিকাইছিল। ইয়াৰ উপৰি তেওঁ ছাত্ৰৰ ঘৰলৈ গৈয়ো তেওঁলোকৰ পঢ়া-শুনাৰ খা-খবৰ লৈছিল আৰু নোৱাৰা অংক বা ইংৰাজী শিকাই দিছিল। অৱসৰৰ পিছতো তেওঁ ছাত্ৰসকলৰ লগত আগৰদৰেই সম্পৰ্ক ৰক্ষা কৰিছিল।